তাত এখন নদী আছিল
কুমলীয়া |
এখন নদী আছিল। কুমলীয়া। পকা ৰাস্তাটোৰ সোঁফালে ধাননি পথাৰ। বাওঁফালে এডৰা চেগুননী। তাৰ কাষতে নদীখন । নদীখনৰ সিটোপাৰে দুটামান টঙিঘৰ.....এডৰা মেৰনী কাৰোবাৰ। খুউব ৰাতিপুৱাই ওলাই গৈছিলোঁ সেইদিনা। পুৱা ছয়মান বজাতে হ'ব বোধহয় । গৰম দিন হলেও অলপকৈ কুঁৱলী পৰি আছিল। অক্টোবৰ মাহ সেয়া। চন ২০১৩। আমি গৈছিলোঁ ধাননী পথাৰৰ ক্ষতিকাৰক পোক পতংগ সংগ্ৰহ কৰিবলৈ। গাঁওখন শেষ কৰি প্ৰথমে জয়ন্তদাৰ চাহবাগিছা পায়। তাৰ পাছত ৰাস্তাটো ক্ৰমে এঢলীয়া গৰাৰ নিচিনা। গৰাটোৰ শেষত চেগুননীডৰা। গৰাটো শেষ কৰিছো আৰু চকু তুলি চাইছোঁ..সেয়া যেন অবিশ্বাস্য!! সৰল সৰল চেগুনগছ বাওঁফালে... সোঁফালে বিস্তীৰ্ণ বিয়পা ধাননি পথাৰ! গাঁওৰ মানুহৰ ছাগে ভূই ৰুই শেষ হৈছিলহে। সমুখত সিটো মুৰ নেদেখা পকা ৰাস্তাটো । চেগুননীডৰা তলখন পৰিস্কাৰ। ফু মাৰি ভাত খাব পৰা। আৰু তাৰ কাষত কোনোবাই যেন এখন বগা চাদৰহে পাৰি থৈছে! কোনে ছাগে নাম দিছিল বাৰু নদীখনৰ নাম কুমলীয়া....নিয়ঁৰত ভিজা বনৰ দলিচা। ভৰি দিয়েই অদ্ভুট শিহৰণে চুই গৈছিল। I can still recall how exactly I felt back then.. টঙিঘৰ কেইটাৰ উচৰে পাজৰে এজাক বনৰীয়া চৰাই। ক'ৰবাত হেলচ ফুলিছিল বোধহায়। বনৰীয়া ফুলো ফুলিছিল নেকি, বৰ ধুনীয়া গোন্ধাইছিল.... আজিও হোষ্টেলৰ খিৰিকি খুলি নিয়ঁৰত ভিজা বাহিৰখন দেখিলে কুমলীয়াৰ সেই ৰাতিপুৱাটোলৈ মনত পৰে।
... সেয়া আছিল গড়েহাবি গাওঁ ...বিশ্বনাথ চাৰিআলিৰ এখন গাওঁ। প্ৰত্যেকজন কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী স্নাতক হোৱাৰ আগতে ছয় মাহৰ কাৰনে গাওঁত গৈ থাকিব লাগে, ব্যৱহাৰিক শিক্ষা লাভৰ কাৰণে। সেই উদেশ্যে আমাক দিয়া হৈছিল বিশ্বনাথ চাৰিআলিৰ গড়েহাবি গাওঁৰ দায়িত্ব। ছমাহ আছিলো তাত। কম সময়তে বৰ আপোন হৈ গৈছিল ঠাইখন। গাওঁৰ মাজৰ সৰু সৰু গলিবোৰ, চাহ বাগানৰ ৰাস্তাবোৰ, কমেও সাত-আঠ কিলোমিটাৰ দুৰৰ, গৈ গৈ ভৰি বিষাই যোৱা, তথাপিও গৈ ভাল লগা চাপৰিবোৰ, চাৰ্কিট হাউচৰ ৰাস্তাটো, আশা বেকাৰিৰ চিকেন পেটিছ আৰু তমেটো চচ (গুলপীয়া ৰংৰ আকৌ দেই!), কিতাপ মহলৰ কিতাপৰ চিনাকি গোন্ধ..যেন সেয়া কালিৰ কথাহে, এনে লাগে। কম সময়তে কিছুমান বস্তু, কিছুমান ঠাই, কিছুমান কথা, কিছুমান মানুহ বহুত ভাল লাগি যায়। থিক বিশ্বনাথ চাৰিআলিৰ দৰে। সেয়ে নেকি আজিও বিশ্বনাথ চাৰিআলি বুলি ক'লে কিবা এটা মোহে টানে ... বুকুখন ধুক কৈ উঠে ...!!
Asha koru Edin Toi ekhon kitap likhibi Ji neki manuhok dekhuwai kobo paru dat Dis girl with extra ordinary talent is one of my best friends I had ever in my life. Wish you luck for that day
ReplyDeletewhoa..thats too much expectation!i'll try it any way.and u will be a part of it.thanks a load for being my inspiration as ever.
ReplyDelete