Skip to main content
বৰষুণৰ দিনৰ ডায়েৰী....

বৰষুণে মায়া জানে। চিপচিপীয়া বৰষুণৰ জৰজৰীয়া
শব্দবোৰ, ঠাণ্ডাদিনৰ কুহুমীয়া ৰ’দজাক, দেওবৰীয়া ৰাতিপুৱাবোৰ আৰু একাপ কাঢ়া কফি… এইবোৰ
বস্তুৰ আচলতে আমেজেই বেলেগ! বৰষুণৰ অনুভৱ কেনে হ’ব পাৰে, ব’হাগৰ প্ৰথমজাক বৰষুণ অথবা
শাওণৰ দোপালপিটা বৰষুণ; ই এক নিৰ্দিষ্ট অনুভৱ, ব্যক্তিসাপেক্ষে। কাৰোবাৰ বাবে সপোন,
কাৰোবাৰ বাবে দুস্বপ্ন! আততায়ী, অবিনাশী, অদাহ্য! আগতে সৰু হৈ থাকোতে বৰষুণ দিলেই কাগজৰ
নাওঁ সাজি উটুৱাইচিলো।নাওঁকখনৰ ওপৰত বৰষুণৰ টোপাল পৰে।টুপুৰ টুপাৰ।প্ৰতিটো টোপালতে
সৰু সৰু ফেনৰ সৃষ্টি হয়। কোনোবাটো উটি যায়। কোনোবাটো শেষ হয়। আৰু আকাশৰ ফালে চাই কওঁ
“হাতীকান ঘোঁৰাকান, জোৰজোৰকৈ বৰষুণ আন”। এতিয়াৰ দিনবোৰত আকৌ বৰষুণৰ আন এটা সুবিধা যে
বৰষুণৰ অচিলা লৈ এলেহুৱাকৈ দিনটো কটাব পাৰি।আজিও তেনে এটা দিনেই গ’ল।গোটেই দিনটো কটালো
কিবা এটা লিখিম লিখিম ভাবি। কামোৰোতে কামোৰোতে পেনৰ সাফৰ ভাগিল। পিছে শব্দ নোলাল।কেতিয়াবা
শব্দৰ ধুমুহা বয়। আৰু যেতিয়া লিখিবলৈ বুলি বহো, শব্দই প্ৰতাৰণা কৰে।শুবলে লৈ যেতিয়া
গাৰুত মুৰ থও, শব্দবোৰে সাৰ পাই উঠে। কেতিয়াবা সিহঁত বিশৃঙ্খল হৈ পৰে। আউল ভাঙিবলৈ
সিহঁতৰ অলপ কষ্ট হয়।কোনোবাই কৈছিল..the difficulty of literature is not to write,
but to write what you mean!! আৰু গোটেই দিনটোৰ অন্তত মই লিখিলোঁ। কি লিখিলোঁ বাৰু?
বজাৰৰ লিষ্ট!!
Comments
Post a Comment