শেষ পৃষ্ঠা…..(২0১৫)
এটা
বছৰত কি কি হ’ব পাৰে? এটা বছৰে কিমান কি শিকাব পাৰে?
এটা
বছৰত জীৱন কিমান পৰিপুষ্ট হ’ব পাৰে?
এটা
বছৰত কি কি হেৰুৱাব পাৰি?
এটা
বছৰত কিমান কি পাব পাৰি?
এটা
বছৰ……..!!!!
আৰু
কেইটামান মুহূৰ্তৰ পাছতে এটা নতুন বছৰ আৰম্ভ হ’ব। জীৱনে পৃষ্ঠা লুটিয়াব। সংযোগ হ’ব
আন কিছুমান কাহিনীৰ। সময় শেষ হৈ যায়। কাহিনীৰ শেষ নহয়। সেয়ে নেকি কয়, ‘জীৱন….উশাহৰ
জোখাৰে দীঘল, সপোনৰ জোখাৰে চুটি!!’ পাৰ হৈ যোৱা বছৰটোএ অনেক কথাই শিকাই গ’ল। অনেক ঘটনাই
ঘটি গ’ল। কিছুমান অৰ্থপূৰ্ণ, কিছুমান অৰ্থহীন। কিছুমান ঘটনাই বিধ্বস্ত কৰি পেলাইছিল।
কিছুমান ঘটনাই আকৌ কাচৰ ভাঙি যোৱা টুকুৰাবোৰ গোটাই ল’বলৈ শিকালে। ভাল লগা কিতাপ এখনৰ
চৰিত্ৰবোৰৰ নিচিনাকৈ অনেকক লগ পালো। কোনোবা থাকি গ’ল। কোনোবা সময়ৰ ঢৌৰ সতে উটি গ’ল।
পাৰ হৈ যোৱা কিছুমান সময় পুনৰবাৰ আহি সমুখত থিয় দিলেহি । আকৌ এবাৰ বকুলৰ গোন্ধে আমোলমোলালে বুকুৰ কোঠা। থাকক।তেনেকৈয়ে
থাকক সেইবোৰ কথা।
“টোমত
ঘুমটি যোৱা ধানৰ দৰে
নিজানে
বুকুত চুইচে কথাবোৰে।
আপোনাৰোনে??”
Some
memories define us. কিছুমান ঘটনাই আমাক গঢ় দিয়ে। যেনেকৈ পাৰ হৈ যোৱা সময়ৰ প্ৰত্যেকটো
মুহূৰ্তই মোক ‘মই’ হিচাবে গঢ় দিলে; যিবোৰৰ অবিহনে হয়তো জীৱনক ভালকৈ বুজিয়েই নাপালোহেতেন।
সেয়ে এতিয়াও মনত পেলাওঁ বিগত বছৰবোৰ।……ডিপাৰ্টমেন্টৰ বিশ্বকৰ্মা পুজা…..তিনি বছৰ? ঠিক
তিনি বছৰৰ আগৰ কথা সেইবোৰ …… কাঠগুডামৰ ঠাণ্ডাদিনৰ পুৱাৰ ৰ’দজাকৰ দৰেই উমাল।…… “পি
এইচ ডি কৰি ল’বা তুমি, ভাল হ’ব তোমাৰ।” “আৰু আপুনি?” উত্তৰত এটা বেকা হাঁহি। …..অসময়ত
অহা বৰষুণজাকৰ নিচিনাকৈ আহিছিল সি জীৱনলৈ আৰু নিজৰ অজানিতেই চববোৰ আউল লগাই গুচি গ’ল।
এটা
বছৰ শেষ হবৰ হ’ল। সময় সলনি হ’ল। জীৱন সলনি হ’ল। আমিবোৰো সলনি হ’লো। কিন্তু কিছুমান
কথাচোন সলনি হবই নোখোজে। নিবিচাৰা স্বত্বেও সিহঁতে নিজৰ আধিপত্য গঢ়ি লয় আমাৰ মাজত।
সেয়ে নেকি ছাগে আজিও একেই আছো। মনৰ মাজত আজিও একেখিনি মানুহৰ অদৃশ্য শাসন। এতিয়াও একেখিনি
আশা, একেখিনি কল্পনা। নাই হোৱা সলনি। নহয় সলনি। আন কোনোবা সলনি হৈ গ’ল নেকি বাৰু? নাই….নিশ্চয়
নহয়। সেই বিশ্বাসকে খামুচিয়েটো আগবাঢ়ি গৈ আছে জীৱন… …!!
So
it taught me. It changed everything..yet I am more me than I have ever been!!
Just fab. Can't express in words. Keep going girl
ReplyDelete