ককাবাঘ আৰু কিছু নষ্টালজিয়া




“বাঘৰ কি ডাঢ়ি  থাকে নেকি ? 
“বুঢ়া বাঘৰ থাকে । তোকনো কিয় লাগে?”
“নহয় মানে এই শিৱ ফটোখনৰ বাঘটো কি বুঢ়া          নেকি তাৰ যে ডাঢ়ি আছে?”
“অ সি বুঢ়া।”
“তাৰ নাম তেন্তে ককাবাঘ দিচো আজিৰ পৰা।”
“ভাল কথা। সোনকালে টোপনি যা এতিয়া। নহলে        ককাবাঘে আহি খাই পেলাব।

টোপনি নাহিলেও জোৰকৈ চকুদুটা মুদি শুবলৈ যত্ন কৰো। বৰমাৰ ঘৰৰ সোমাই যাওতেই পোৱা কোঠাটোৰ উত্তৰ ফালৰ বেৰখনত শিৱ ভগৱানৰ ফটো থকা কেলেণ্ডাৰ এখন আছিল। সেয়া বহু বছৰৰ আগৰ কথা। শিৱফটোখনত থকা বাঘটোৰ নাম দিছিলোঁ ককাবাঘ।দুপৰীয়া দুষ্টামি কৰি যেতিয়া শুবলৈ মাতিলেও নুশুইছিলো, দাদাই ককাবাঘৰ ভই দেখুৱাই শুৱাইছিল। বহুত বছৰলেকে কেলেণ্ডাৰখন বৰমাৰ ঘৰত ৰৈ গৈছিল। পুৰণা ঘৰ ভাঙি নতুন ঘৰ বনাওঁতে ককাবাঘৰ চিন-মোকাম নাইকিয়া হ’ল। পুৰণা ঘৰৰ সৈতে যঠেষ্ট স্মৃতি আছে। ঘৰৰ বাৰান্দাৰ ওচৰতে এজোপা ডালিম গছ আছিল । বহাগ বিহুত জেতুকা লোৱাৰ খূব চখ তেতিয়া।চুবুৰিৰ লগৰখিনিৰ মাজত প্ৰতিযোগিতা আছিল কাৰ হাতৰ জেতুকাৰ ৰং কিমান গাঢ়। জেতুকাৰ ৰং ডাঠকৈ লগাবলৈ ক’ত যতন।  জেতুকা পিহোঁতে ডালিমৰ কোঁহ দিলে ৰং গাঢ় হয়। সেয়ে গৰু বিহুৰ আগদিনা চুবুৰিৰ ল’ৰা ছোৱালীবোৰ আমাৰ ঘৰত হাজিৰ হৈছিলহি ডালিমৰ কোঁহ বিচাৰি। সিহঁতৰ হাতৰ ৰং গাঢ় কৰি ডালিমজোপা আগটকলা হৈ ৰৈছিল প্ৰত্যেক বহাগ বিহুতে।ফুল ফুলা বতৰত তেজাল কমলা ৰংৰ ফুলবোৰ বুটলি ঘৰ ঘৰ খেলিছিলো। আৰু বাৰাণ্ডাৰ সিটো মুৰৰ আখৈফুলজোপা!!! আচলতে আখৈফুল নামৰ একো ফুল গছ নাই। গছজোপাৰ নাম নাজানিছিলো আৰু  গছজোপাৰ ফুল বোৰ আছিল আখৈৰ দৰে ঢকঢকীয়া বগা। সেয়ে নাম দিছিলোঁ আখৈফুল। লতাজাতীয় ফুলজোপা বাৰান্দাইদি বগাই গৈ ঘৰৰ টিনপাতত লাগিছিলোগৈ।পূৰ্ণিমাৰ ৰাতি গোপীখুড়াৰ আমজোপাৰ পিঠিয়েদি  বগাই অহা জোনৰ জিলিঙনি যেতিয়া ফুলজোপাত পৰেহি বৰ সুন্দৰ দেখি ঠাইখন। পুৰণা ঘৰ ভাঙি নতুন ঘৰ বনোৱা হ’ল।জেতুকাৰ ৰং গাঢ় কৰা   ডালিম আৰু আখৈফুল দুয়োজোপাই কটা গ’ল। টুলবুলীয়া ডালিম, আখৈফুল আৰু ককাবাঘক ভয় কৰা সেই শৈশৱ আজি নষ্টালজিয়া…….!!

Comments

Post a Comment

Popular Posts