দেওবৰীয়া অনুভৱ
সেইবোৰ inverter নোহোৱা দিনৰ কথা। গৰমত ৰাতি শুব নোৱাৰি যেতিয়া থেনথেনাই উথো "দেতা গৰম উথিছে"..দেউতাই এখন প্ৰকাণ্ড বিচনিৰে বিচি বিচি শুৱাইচিল। মাজনিশা টোপনিৰ পৰা উঠি। যেতিয়া লৈকে কাৰেণ্ট নাহে তেতিয়ালৈকে। সেই সময়ত ঘৰত এটা ব্লেক এন্দ হোৱাইট tv আছিল যত মাত্ৰ দুটাই চেনেলৰ সুবিধা উপলব্ধ আছিল। তাতে এখন চিৰিয়েল চাইছিলো। খুউব জনপ্ৰিয় আছিল। '৯০ ত জন্ম হোৱা সকলোৱেই বুজি পাব নিশ্বয়। "shaktiman"। শনিবাৰে স্কুল ছুটিৰ পাছত তৰা নৰা চিঙি দৌৰি আহিছিলো। shaktiman চোৱাৰ হেপাহত। shaktimanৰ পৰা বুজি পাইছিলো (harry potter তাৰ বহুত পাছত) superhero কি হয়। কিন্ত্ত কিয় নাযানো superhero বুলি কলে সদায় দেউতাকেই বুজিছিলো। কাৰন তেতিয়া, আৰু এতিয়াও, দেউতাই এনেকুৱা এজন মানুহ আছিল যি কৰিব নোৱাৰা কাম একো নাছিল। স্কুলৰ বহীত খাকি কভাৰ লগোৱাৰ পৰা ঘৰৰ ডাঙৰ ডাঙৰ সকলো কাম দেউতাই কৰি যোৱা দেখিছিলো। দেউতাক কেতিয়াবা সেই পুৰণা হষ্টেলটোৰ সমুখত থকা বিশাল কৃষ্ণচুড়াজোপাৰ নিচিনা লাগে..যাৰ ডাল পাতে কেওফালৰ সৰু সৰু গছবোৰ বেৰি ৰাখে, সুৰক্ষাৰ ঢাল হৈ...।
সময় আগবাঢ়ি গৈ থাকিল। আমিবোৰ ডাঙৰ হৈ আহিলো। জীৱনৰ আঙুলিত ধৰি নিজৰ নিজৰ কক্ষপথত আগুৱাই গৈ থাকোতে কৰবাত যেন আমি পাহৰি গ'লো মা দেউতাৰ চুলিতো ৰূপালি বৰণ ধৰিল, চকুত চছমা লাগিল। "অহা সপ্তাহত পাৰিলে আহিবিছোন, আধাৰ কাৰ্দৰ ফৰ্মখন ফিল আপ কৰিব লাগে। আজিকালি জন্জাল পাও অ' ..." দেউতাই ফোনত কয়। ফোনটো থৈ অলপ সময় তভক মাৰি বহি ৰলো। সৰুৰে পৰা প্ৰায় সকলোবোৰ কামতে দেউতাৰ ওপৰতে নিৰ্ভৰ কৰিছিলো। কিন্ত এতিয়া হয়তো আমাৰ সময় নিজৰ দায়িত্ব হাত পাতি লোৱাৰ..মা দেউতাৰ সহায়ৰ হাত হোৱাৰ...।

Comments
Post a Comment