প্ৰথম প্ৰেম..!



এটা সময় আছিল যেতিয়া ভবিছিলো মই এখন কিতাপ লিখিম। জীৱনৰ ওপৰত। অনুভূতিৰ অভাৱ নাছিল তেতিয়া, হাতত লিখাৰ সমল আছিল, শব্দৰ অভাৱ নাছিল, কিতাপৰ ঠাই মোবাইল ফোনে লোৱা নাছিল, উপন্যাসৰ ঠাই নেটফ্লিক্সে লোৱা নছিল, যেতিয়া মানুহে বিষ্ময়ৰ পাতত প্ৰথম প্ৰেমৰ কাহিনী পঢ়িছিল, যেতিয়া প্ৰেম আছিল, আৰু যেতিয়া আমাৰ মাজত প্ৰেম আছিল।পঢ়িছিলেনে আপোনালোকেবিষ্ময়নামৰ মাহেকীয়া আলোচনীখনৰ পাতত প্ৰথম প্ৰেমৰ কাহিনীবোৰ। মই পঢ়িছিলোঁ। খুউব পঢ়িছিলোঁ। কিছুমান প্ৰেমৰ কাহিনীয়ে মনত এনেকুৱাকৈ সাঁচ  বহুৱাইছিল যে আজি পোন্ধৰ বছৰৰ পাছতো সেই কাহিনীবোৰ জলজলপটপটকৈ মনত আছে। কোনোবা এজন কবিৰ প্ৰথম প্ৰেমৰ কাহিনী প্ৰকাশ পাইছিল (বোধহয় নিলীম কুমাৰৰ) কাহিনীটোৰ এটা অংশ এনে আছিল …. কবিৰ প্ৰথমগৰাকী প্ৰেমিকাৰ মাতৃ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত। মাকে প্ৰচণ্ড বিষত গোটেই ৰাতি কেঁকাই  থাকে আৰু কাবিৰ প্ৰেমিকা গোটেই ৰাতি মাকৰ বিচনাৰ কাষত বহি থাকে। এটা সময়ত মাকৰ ভাগৰ লাগে আৰু বিষৰ উপশম হওক বুলি কবিৰ প্ৰেমিকাই কেঁকাবলৈ লয়। আপুনি অনুভৱ কৰিব পাৰিছেনে সেই দুখৰ গভীৰতা? Can you feel that grief?? Can you empathize that? I think nobody can!!
ভালপোৱা বস্তুটো অদ্ভট নহয়নে! সেই যে সোতৰ ওঠৰ বছৰ বয়সত হোৱা প্ৰেম। সেই তেতিয়া, যেতিয়া Tinder লগপাই নহয়, কোনোবা বন্ধুৰ যৰিয়তে বা কলেজত লগ পাই প্ৰেম হৈছিল। সেই যে লাইব্ৰেৰীৰ সন্মুখত বা কেণ্টিনাত চাহ খাঁওতে তেঁওক দেখিলে পেটত বুৰবুৰণি উঠা, হৃদপিণ্ডৰ গতি খৰতকিয়া হৈ যোৱা যেন লগা, চাৰিউকাষৰ সকলো ঠৰ হৈ যোৱা যেন সেই অনুভৱহৈছেনে কেতিয়াবা আপোনাৰো..সেই যেআপোনাৰ অনুপস্থিতত মই মইহীনতাত ভোগো….”..এই ধৰণৰ প্ৰেম??
সময়ৰ লগে লগে জীৱন সলনি হয়, জীৱন পৰিপক্ক হয়। তেতিয়া আৰু সেই পেটত বুৰবুৰণি উঠা প্ৰেম নহয়গৈ। জীৱনে এনে কৰোবাক বিচাৰি লয়, যাৰ ছাঁত জিৰাব পাৰি, যিয়ে আপোনাৰ হৃদপিন্দৰ গতি খৰতকীয়া নহয়, শান্ত কৰি তোলে। তেনে প্ৰেমে জীৱনক উদ্দুদ্ধ কৰেতেনে প্ৰেমে লঠঙা গছত ওলোৱ কুঁহিপাতৰ দৰে জীৱনক জীয়াই তোলে। তথাপিও...সেই যে প্ৰথম প্ৰেম।। আস!!! সেই প্ৰেম এবাৰেই হয়। আৰু আমি হয়তো গোটেই জীৱন ঘূৰ্মুতিয়াই ফুৰো সেই প্ৰেমৰ ছাঁ খেদি…!!  

Comments

Popular Posts